Psalms 133

দায়ুদৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।

1ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,
যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!

2তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা,

যি তললৈ দাঢ়িলৈকৈ নামি আহে,
হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ
তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
সেয়ে হর্মোণ পর্বতৰ নিয়ঁৰৰ নিচিনা,
যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল;
কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে,
অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
3

Copyright information for AsmULB